দিনবোৰ বৰ আৱতৰীয়া
✍️পৱন বুঢ়াগোহাঁই
আবৃতি : আৰ. জে. গকুল
দিনবোৰ বৰ আৱতৰীয়া
✍️পৱন বুঢ়াগোহাঁই
জীৱনৰ ক'ত বসন্ত পাৰ কৰিলো
প্ৰতিটো বসন্তৰ পদূলিত ৰৈ ৰৈ
সেই সেউজীয়া পাতবোৰ চাব খোজো
যিবোৰ তোমাৰ অবিহনে এতিয়া ফাগুন হৈ ৰৈছে।
গতিশীল জীৱনত অন্ধকাৰ ভৱিষ্যত দেখি
তুমি আঁতৰি গৈছিলা
আশ্বাস আৰু বিশ্বাসৰ মৰম বিচাৰি
স্মৃতিবোৰ এতিয়া ধুসৰ প্ৰতিচ্ছবি
তোমাৰ অবিহনে দুহাত তেনেই খালি
বুকুত গছকি ৰিব দি গুচি যোৱা পৰত
হৃদয়খন নদীৰ গৰাৰ দৰে চপৰা চপৰে খহে
দুচকুত নিৰৱে বয় নৈ
মোৰ বুকুত যে তুমি আছিলা মাজুলী ।
এতিয়া পিছে নৈ:শব্দৰ সুৰ আৰু মৌন ভাষা
লগৰী মোৰ জটিল বাটত
জীৱনৰ তিক্ত-ৰিক্ততাৰ মদিৰা পি পি
হালধীয়া হ'বলৈ শিকিছোঁ।
মন যায় বৰ মন যায় আকৌ এবাৰ উভতি যাবলৈ
অকণমান তোমাৰ সান্নধ্য পাবলৈ
পিছে উভতি যাবলৈ এতিয়া যে সময়বোৰ
দুৰ্বল আৰু দিনবোৰ বৰ আৱতৰীয়া।
#rjgokul #rjgokulentertainment #assam #assamese #axomiya #Poem #love #loverjgokul #Sivasagar #2020
0 Comments