বাস্তৱ আৰু কল্পনা ( এটা অচিনাকি ফোন নম্বৰ )
এটা কাহিনী যিটো কাহিনীৰ বাস্তৱ বহুত কঠিন, স্কুলীয়া জীৱনৰ এক বাস্তৱ আৰু কাল্পনিক পৃথিৱীৰ প্ৰেমৰ আৰম্ভণি, চিঠি দিয়া সময়ৰ এই কাহিনী কিন্তু তাৰেই মাজত ঘৰত আছিল এটা Nokia 2600 মোবাইল ফোন। বন্ধুবোৰে জানিছিল ঘৰৰ নম্বৰ। কিন্তু তাৰেই মাজত এটা অচিনাকি নম্বৰৰ মেছেজ আহিছিল। য'ত লিখা আছিল I Love You, নাছিল TrueCaller নাছিল Internet, সন্ধান বিচাৰো কেনেকৈ !!
ফোন কৰিলেও Receive নকৰে।
.
.
.
বহু দিনৰ মূৰত ফোনটো ধৰিলে কোনোবা অচিনাকি এজন ব্যক্তিয়ে। কিন্তু মোৰ কোনোবা এজনী বান্ধবীৰ চিনাকি, সাহস নহ'ল সুধিবলৈ আৰু তাইও নক'লে সন্মুখত মোক কোনো দিনেই...... দিন বাগৰিল বন্ধুত্ব বাঢ়িল। কিন্তু কোনেও সাহস নকৰিল, সাহস কৰিবনো কেনেকৈ ? দুয়োৰে মাজত আছিল জাতি- ধৰ্মৰ ব্যৱধান । বাস্তৱ আৰু কাল্পনিক পৃথিৱীৰ মাজত বহুত ব্যৱধান আছে, দুয়ো বাস্তৱত নহ'লেও কাল্পনিক পৃথিৱীত আজি এক হৈ আছে কাৰণ দুয়োজনেই বাস্তৱ পৃথিৱীত অকলশৰে আছে ।
প্ৰেমৰ জৰী খালি চকুৰে মনিব পৰা নাযায় ইয়াক অনুভৱহে কৰিব পৰা যায় ।
"যদি কোনোবাই তোমাক সঁচা অন্তৰে ভাল পাই আৰু তেওঁ তোমাক ব্যক্ত নকৰিলেও তুমি অনুভৱ কৰিব পাৰিবা তেওঁৰ মৰম ভালপোৱা কিমান যে আছে তোমাৰ বাবে ।"
- আৰ. জে. গকুল ( RJ GOKUL )
#Love_Story #RJ_GOKUL
0 Comments