মে-ডাম-মে-ফি হ’ল টাই আহোমসকলৰ এক আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। এই পৰম্পৰাৰ জড়িয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়। মে-ডাম-মে-ফিৰ অৰ্থ হ’ল, মে মানে তৰ্পন, ডাম মানে মৃতক আৰু ফী মানে হ’ল মৃতকৰ দেও। অন্যান্য পৰম্পৰাৰ দৰে মে ডাম মে ফি পালনৰ বাবেও নীতি নিয়ম আছে যাক টাই আহোম ভাষাত খ্য়েক-লাই বুলি জনা যায়।
মে-ডাম-মে-ফি ৰ বিষয়ে Oxford dictionary (A.S.Hornby) এনেদৰে পোৱা যায়- “a day or period of religious or other celebration, eg- Christmas and Easter are Christian festivals”.in that sense “me dam me phi” can also be regarded as “religious festival of the tai ahoms”.but, it is safe to say “wan me dam me phi” in stead of “poi me dam me phi”, because”me dam me phi” was originally an “ancestor worshipping ceremony” of the tai ahom people especially, and tai people in general. one more concept you need to rectify is”dam phi”. It should be written as “phi dam”. But, neither the word “dam phi” nor the word “phi dam” means “hokam/puja” (worshipping ceremony).”phi dam” means “household spirit of the dead ancestors”. অসমীয়া ত আমি “mrituk devata” মৃতুক দেৱতা. মৃতুক is an alternate form (colloquial) of the word মৃতক.Day মানে দিন/ দিৱস..বুলি কও।
প্ৰচলিত বিশ্বাস অনুসৰি পৃথিৱীত ইন্দ্রবংশীয় এজন ৰজাৰ ৰাজত্ব কামনা কৰি স্বর্গাধিপতি মহাৰাজ ইন্দ্রই (লেংডন) নাতিয়েক খুনপুং-খুনলাইক নানান দিহা-পৰামর্শ আৰু উপদেশ প্রদান কৰিছে৷ ইয়াৰ পূর্বে সোণৰ জখলাৰে খুনলুং-খুনলাই মু্যংকাঙলৈ নামি অহাৰ প্রাক-মুহূর্তত জাছিংফা (বিদ্যা দেৱী)য়ো বছৰৰ আৰম্ভণিতে ভাল দিন-বাৰ এটা চাই দেৱতাসকললৈ পূজা আগবঢ়াবলৈ কৈছিল৷ লেংডনে আঠ লাখ দেৱ-দেৱীৰ সৈতে পৃথিৱীলৈ আহি তেওঁলোকৰ পূজা গ্রহণ কৰিব আৰু তেতিয়া তেওঁলোকৰ ৰাজপাট নিৰাপদ হ’ব বুলি অভয় প্রদান কৰিছিল৷ স্বয়ং লেংডনেও খুনলুং-খুনলাইক অশেষ বুজনি দি কৈছিল– তোমালোকক লাওখ্রী (হিন্দুৰ দেৱতা গুৰু বৃহস্পতি আৰু দৈত্যৰ গুৰু শুক্র) আৰু জাছিংফা (বিদ্যা দেৱী)য়ে সকলো সময়তে সহায় কৰিব৷ আশা কৰোঁ তোমালোকে সুখ্যাতিৰে দেশ শাসন কৰিব পাৰিবা৷ যেতিয়া দিন-হা (চ’ত মাহ) আহিব তেতিয়া সকলোবিধৰ বনৰীয়া ফুলৰ লগতে ব্লকছে-ফা (চিংকৰা ফুল) ফুলিব, তেতিয়া বানচেং চাই শুভ দিন গণনা কৰি, বলি-বিধান দি দেৱতাসকলক পূজা দিবা৷ লেংডনে অর্থাৎ মই আঠ লক্ষ দেৱ-দেৱীৰ সৈতে পৃথিৱীলৈ নামি গৈ তোমাৰ বছৰেকীয়া পূজা গ্রহণ কৰিম আৰু তোমাৰ ৰাজ্য কুশলে আৰু নিৰাপদে থাকিব৷’ (চাও গোলাপ চন্দ্র বৰুৱা, আহোম বুৰঞ্জী, পৃঃ ৯৭)।
এয়াই হৈছে টাই আহোমসকলৰ মে-ডাম-মে-ফীৰ মূল ভেটি৷ সেয়েহে এদিন আহোমৰ প্রথমজনা স্বর্গদেউ চাওলু্যং চু্যকাফাই চৰাইদেউত ৰাজধানী পাতি অতি নিৰাপদে, কুশল-মংগলেৰে, প্রচুৰ বিচক্ষণতাৰে দেশ শাসন কৰিবলৈ পু-লিন-পু-থাওৰ আশীর্বাদ বিচাৰি অতি মৰমৰ বগা ঘোঁৰাটো (যিটো ঘোঁৰাত উঠি আহি মু্যং-ডুন-চুণ-খামত ভৰি দিছিলহি) দেশ আৰু জাতিৰ বাবে উছর্গা কৰিছিল৷
আহোমসকলৰ কোনো লোকৰ মৃত্যু হ’লে প্রথমে ‘ডাম’ অৱস্থাপ্রাপ্ত হয় বুলি বিশ্বাস কৰা হয়৷ ডাম মানে মৃতক৷ তাইসকলৰ ধর্মবিশ্বাস অনুসৰি ডামক পূজা-পাতলৰ যোগেদি ফী অর্থা দেৱতালৈ উন্নীত কৰা হয়৷ আনহাতে, মে’ মানে তর্পণ৷ এনেদৰে দেখা যায় যে মে-ডাম মৃতক বা উপৰি পুৰুষলৈ কৰা তর্পণ বা পূজা-অর্চনা৷ মে-ফী দেৱী-দেৱতালৈ কৰা তর্পণ বা পূজা-অর্চনা৷ দুয়োটাৰে সংযুক্ত ৰূপ হ’ল মে-ডাম-মে-ফী অর্থা চমুতে পু-লিন-পু-থাও (উপৰিপুৰুষ) আৰু দেৱী-দেৱতালৈ উসর্গা বা তর্পণ৷
গোলাপ চন্দ্র বৰুৱাৰ আহোম বুৰঞ্জীত ভালেকেইজন স্বর্গদেৱে মে-ডাম-মে-ফী তর্পণ ৰাজকীয় মর্যাদাৰে অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰে৷ লাকনি মু্যঙ-মাও-শকত (১৫৬৩ খ্রীঃ) দিনচাম (মাঘ বিহু) মাহত কোঁচ ৰজাই আহোম ৰজা চাওফা চুখামফা বা খোৰা ৰজাৰ ওচৰলৈ সন্ধিৰ প্রস্তাৱ দি ৰতিকান্তক পঠিয়ায়৷ আহোম ৰজায়ো কোঁচ ৰজাৰ সন্ধিৰ প্রস্তাৱ গ্রহণ কৰি দুয়োপক্ষৰ মাজত মিত্রতা সুদৃঢ় কৰি দেশখনক সংকটৰ পৰা ৰক্ষা কৰে৷ পাছত ৰাজধানীলৈ ঘূৰি আহি দেৱতা আৰু মৃতক দেৱতাসকলক পূজা দিয়াৰ অর্থে মে-ডাম-মে-ফী পতাৰ কথা বুৰঞ্জীত পোৱা যায়৷ চুচেংফা ওৰফে প্রতাপসিংহ স্বর্গদেৱৰ ৰাজত্ব কালত মুঠতে তিনিবাৰ মে-ডাম-মে-ফী অনুষ্ঠিত হয়৷ ১৬০৬ খ্রীঃত প্রথমবাৰ, ১৬১৫ খ্রীঃত দ্বিতীয়বাৰ আৰু তৃতীয়বাৰ গড়গাঁও ৰাজধানীত ষড়যন্ত্রকাৰী আহোম বিষয়াসকলক শাস্তি প্রদান কৰি৷ লক্ষী সিংহ অর্থা চু্যনেওফা স্বর্গদেৱৰ দিনত, চন্দ্রকান্ত ওৰফে চুডেনফা স্বর্গদেৱৰ দিনত মে-ডাম-মে-ফী উদ৲যাপন কৰা হৈছিল৷ আহোম বুৰঞ্জীত উল্লেখ থকা মতে চুহুংমুং, চুক্লেংমু্যং, চুপংমু্যং, চুপাংফা, চুলিকফা, চুদেনফা আদি স্বর্গদেউসকলৰ দিনতো জাক-জমকতাৰে ৰাজপোষকতাৰে মে-ডাম-মে-ফী পূজা অনুষ্ঠিত হৈছিল৷
বৰ্তমান সময়ত প্ৰতিবছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে পালন কৰা এই পৰম্পৰাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী হ'-ফী (দেউশাল) সাজে আৰু ইয়াত আঠখন মেহেঙা (শৰাই) পাতি তেওঁলোকৰ আদি পিতা লেংডন দেৱতা প্ৰমুখ্যে আঠজন ‘'ফী’'ক উপাসনা কৰে। এই পূজাত ফুৰা-তা-ৰা-আলং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ঙি ডাম খাম্ বা সোণালী ড্ৰেগন অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ দিয়া হয়। এই পৰম্পৰা অসমত পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছিল তিপামৰ বুঢ়াডাঙৰীয়াৰ থানত। ৰাজহুৱাভাৱে আয়োজিত এই মে-ডাম-মে-ফিৰ উপৰিও আহোমসকলে ঘৰুৱাভাৱে এই পৰম্পৰা আয়োজন কৰে। ঘৰুৱাভাৱে আয়োজিত এই পৰম্পৰাত পাকঘৰৰ দক্ষিণ দিশৰ খুটা যাক ফ'-কাম বোলা হয় তাৰ কাষত বাছনি কৰা হয় আৰু পাঁচখন মাইহাং আগবঢ়াই পূৰ্বপুৰুষক উপাসনা কৰা হয়।
(ইন্টাৰনেটত উপলব্ধ বিভিন্ন প্ৰৱন্ধ, ভিডিঅ', আৰু কিতাপৰ সহায় লোৱা হৈছে)
অবিনাশ দত্ত✍️
0 Comments